অসমীয়া ব্লগ

Monday, October 10, 2005

St Petersburg

যোৱা জুলাই মাহত ছেইন্ট পিটার্ছবার্গলৈ গৈছিলোঁ. বহুদিনৰ পৰা ছালভাদৰ ডালিৰ ছবিবোৰ চোৱাৰ হেঁপাহ আছিল, সেয়ে এইবাৰ সুযোগটো লৈ ললোঁ. ছেইন্ট পিটার্ছবার্গ সৰু চহৰ হলেও বহুতো চাবলগীয়া ঠাই থকা জাগা.


তলত
ছালভাদৰ ডালি মিউজিয়াম



ডালি মিউজিয়ামৰ বাহিৰৰ এখন চকী, ডালিৰ বিখ্যাত ঘড়ীৰ ছবিৰ আর্হিত



ছেইন্ট পিটার্ছবার্গ চহৰত সস্তাতে খাব পৰা জাগা বিচাৰি ফুৰিছে মণিকা, জিমি আৰু মুতছুঅই

Tuesday, October 04, 2005

অসম ২০০৫

অসম ২০০৫ত উপস্থিত মোৰ বন্ধুসকলৰ সতে বাকী লোকসকল
বাওঁফালৰ পৰা বৰকাকতিদা, মু্তচুঅ (জাপান), মনিকা (পেৰু), ভূঞাদা, জিমি (টাইৱান) আৰু পার্থদা. জিমিয়ে অসম ২০০৫ ইমানেই ভাল পালে যে অসম ২০০৬ত নিউ জার্ছীলৈ যোৱা তাৰ একপ্রকাৰ খাটাং. মনিকা অলপ টকা হলেই অসমৰ জীব জন্তূ চাবলৈ যাব. মুতচুঅ সাংঘাটিক নিবোকা, অসম সম্পর্কে তাৰ ধাৰণা কি বুজা টান.

জাপানী চুশ্চি.

জাপানী চুশ্চি.


আমেৰিকাত মই খাই ভালপোৱা এটা বস্তু হল চুশ্চি. মোৰ জাপানী বন্ধু মুটচু্অই ঘৰতে বনোৱা চুশ্চি ওপৰত.

দেটনা বিচ্ছ

দেটনা বিচ্চ


মই আৰু জিমি দেটনা বিচ্চত

বিদায় imdt

বিদায় imdt


IMDT আইন বাতিল হল, গুবাহাটীত চাকি জলিছে

Friday, September 30, 2005

অসমীয়া ব্লগ

আগতে কেবাবাৰো লিখিছিলোঁ, মোৰ ব্লগটো অসমীয়াত লিখা প্রথম ব্লগ নেকি সুধি! কালি হঠাতে দেখিলোঁ চিট্ঠা বিশ্ব নামৱেবচাইটটোত মোৰ ব্লগটো প্রথম অসমীয়া ব্লগ বুলি উল্লেখ কৰিছে. অসমীয়া ব্লগৰ সমূহ পঢ়ুৱৈলৈ এই আপাহতে ওলগ জনালোঁ.

Tuesday, August 30, 2005

কলা বগা ফটো

মাজতে এটা কলা বগা ফিল্ম কিনি দুখনমান ফটো তুলিলোঁ, তলত কেইখনমান দিলোঁ,

ফ্লৰিডা য়ুনিভার্ছিটিৰ ঘন্টাঘ


গোমা বতৰত আমেৰিকান পতাকা


গেইনছভিল
ৰ বুধবৰীয়া হাট

Sunday, August 28, 2005

অসম ২০০৫

৪ জুলাইৰ বন্ধৰ দিনা অৰলেণ্ডত অসম ২০০৫ অনুষ্ঠিত হয়. আমেৰিকাৰ বিভিন্ন ঠাইৰ পৰা অহা অসমীয়া লোকেৰে সেইকেইদিন ডিজনীলেন্ড গিজগিজাই থাকিল. আন বহুতো চিনাকি-অচিনাকি মানুহৰ মাজতে মোৰ পেৰুভিয়ান, টাইৱানীয় আৰু জাপানী বন্ধুহঁত তালৈ গৈ অসমৰ সোৱাদ ললেগৈ. জাপান আৰু টাইৱানৰ মানুহে চাহৰ বাবে অসমৰ নাম জানে.টাইৱানত গাখীৰ দি বনোৱা চাহক অসম চাহ বুলি কয়. আজি দহ বছৰমানৰ আগতে টাইৱান চৰকাৰে অসমৰ পৰা চাহপুলি নি তাত চাহবাগান আৰম্ভ কৰিলে. সেই বাবে টাইৱানত প্রতিবছৰে শীতকালত অসম দিবস পতা হয়. তলত অসম ২০০৫ত মোৰ বন্ধুবো


ডিজনীলেন্ডৰ অসম ২০০৫ৰ অধিবেষণথলী



ফ্ল
ৰিডাৰ গোমা বত

Tuesday, August 02, 2005

হিনাম

হিনামৰ লগত মই, জিমি আৰু মুতচুঅ ছিডাৰ কী নামৰ সাগৰৰ পাৰলৈ গলোঁ


হিনাম মই ৰু জিমি


মই জিমি আৰু মুতচুঅ- আমি ফ্লৰিডা লিংগুইস্টিকছৰ টি-ছার্ট পিন্ধি আছোঁ.